পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১১
শ্ৰীদেবীভাগৱত।

শঙ্খচূড় বধ চলে ভূমি ভাৰ হৰি।
কাৰ্ত্তিকৰ হাতে প্ৰভু পেলাইল সংহৰি॥
কালী ৰূপ ধৰি পাছে কৰিলা নিৰ্য্যান।
দৈত্য বধি ভূমি ভাৰ কৰিলা খণ্ডন॥
শঙ্খচুড় ভৰে ধৰা দমকি আছিল।
দেব উপকাৰ ছলে উদ্ধাৰ হুইল॥
ভণিল গোপাল দেব এৰা আন কাম
অন্ত কে পাইলেক তাৰি বোলা ৰাম ৰাম॥

মহা কালীৰ যুদ্ধে প্ৰবেশ॥

পদ।

মৰাৰ দুৰ্গন্ধে যেবে নাক ফুটী যায়।
তৃণ গাছ পড়িবে স্থলত সন্ধি নাই॥
ব্ৰহ্মাণ্ড বিজয় বীৰ পাৰ্ব্বতী নন্দন।
ধনু ধৰি গুণ গাছ কৰিল মাৰ্জন॥
পঞ্চ গোট বায়ু বান গুণত যুৰিল।
মন্ত্ৰ অভিষেকি পাছে প্ৰহাৰ কৰিল॥
বহিল প্ৰবল ঝৰ ৰণ স্থল যুৰি
উড়াইয়া ফেলে শৱ সমুদ্ৰ ভিতৰি॥