পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
চতুৰ্থ স্কন্ধ।


শাপ শুনি দুইজনে কান্দিল বিস্তৰ।
মাতৃহীণা শিশু যেন কান্দে নিৰন্তৰ॥
তথাপিতো গৰু মোৰ নিদিল কশ্যপ।
কি কৰিবো দেৱ আবে কহিয়ো স্বৰূপ॥
বৰুণৰ বাক্য শুনি পাচে পদ্ম যোনি।
কশ্যপৰ স্থানে ব্ৰহ্মা গৈলন্ত আপুনি॥
আশ্ৰমে আসিল যেবেদেৱ সৃষ্টি পতি।
আগবাঢ়ি মুনিবৰে কৰিল প্ৰণতি॥
ব্ৰহ্মায়ে পুচন্ত কেনে ই কৰ্ম্ম কৰিলা।
দেবতাৰ গাভী তুমি কিহেতু হৰিলা॥
হৰি আনিলাহা ধেনু খুজিলে নাদিয়া।
ইটো কি অন্যায় কৰি আছা জ্ঞানী হুয়া॥
পৰবিত্ত হৰণ অন্যায় মহা পাপ।
তুমি সব জ্ঞানী কেনে কৰাহা ইৰূপ॥
হৰি হৰি মহা মহন্তকো লোভে নেৰে।
লোভে পাপ জন্মে পাছে নৰকত পৰে।
কশ্যপ সমান হেন জ্ঞানী মহাজন।
সিজনে নেড়ন্ত লোভ কিকৰো এখন॥
সৰ্ব্ব দৈবাধীন কাৰ্য্য লোভতে স্ৰজিছা।
কশ্যপে নেড়ন্ত তাক আপুনি দেখিছো॥