পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৮
চতুৰ্থস্কন্ধ।

নীল হৰি তাল বিকটাক্ষ জৃম্ভ নাস্ত্ৰ।
পিশাঞ্চ ৰাক্ষস সম্মোহন দিব্য অস্ত্ৰ॥
ধাৰাসাৰে বৃষ্টি কৰে সৈন্যৰ উপৰে।
কভু ঘোৰ শক্তি হানি দানব সংহাৰে॥
কোন খানে অগ্নি উঠে পৰ্ব্বত আকৰ।
কোন স্থানে মহা বৃষ্টি মুষলৰ ধাৰ॥
কোন স্থানে মহা ঋষৰ বহিছে পবন।
কতো ঘোৰ বজ্ৰাঘাতে কৰিছে নিধন॥
কাৰো কাটে উৰু জঙ্ঘা জানু খণ্ড কৰি
কাৰো শিৰ নাক কান হৃদয় বিদাৰি॥
মধ্য দেহ কাটি কাৰো কৰে খণ্ড খণ্ড।
অস্ত্ৰাঘাত কাহাৰো ডোহাৰে ভুণ্ডু তুণ্ড॥
লক্ষ কোটি অসংখ্য অৰ্ব্বূদ গজবাজি।
ৰাহুতে মাহুতে পড়ে ৰণ ভূমি সাজি॥
দীৰ্ঘে প্ৰস্থে বিংশ যোজনৰ ভূমিখান।
আড়ে দীৰ্ঘ পঞ্চদিন পথ পৰিমাণ॥
কাৰ্ত্তিকৰ অস্ত্ৰজালে মৰায়ে ভৰিল।
হস্তী ঘোড়া ৰথ ৰথী দৌল দৌল ভৈল॥
ৰহিল শোনিত নদী পৰ্ব্বত আকাৰ।
নোউ যেন মৰাশৱ ভাসে নিৰন্তৰ॥