পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৭
শ্ৰীদেবীভাগৱত।

ধনুৰ্গুণ মাজি পাছে টঙ্কাৰ কৰিল।
মহামোৰ শব্দে দশো দিশ বিয়াপিল॥
গুণ গাছ টানি শৰ বৰষিবে লৈল।
লক্ষ লক্ষ কোটি কোটি প্ৰহাৰ কৰিল॥
হাজাৰে হাজাৰে খৰ্ব্ব নিখৰ্ব্ব অৰ্ব্বুদে।
অবিচ্ছেদ অস্ত্ৰ বৃষ্টি কৰে ধনুৰ্ব্বেদ॥
ধাকিল গগণ পথ দিশ অন্ধকাৰ।
উল্কাপাত ঝঞ্জাবাত বিদ্যুত ঝঙ্কাৰ॥
নানাবৰ্ণে অস্ত্ৰ উঠে গগণ মণ্ডলে।
শ্বেত নীল পীত লৌহ কতো অগ্নি জ্বলে॥
ফৰিঙ্গা উজাই যেনে ভাদ্ৰৰ মাসত।
ধাকিল ৰবিৰ তেজ মঙ্গ ভৈল ৰাত॥
মুসল মুদ্গৰ শক্তি শেল যাঠি জোঙ্গ।
পৰিঘ পট্টিশ গদা পৰশু খট্টাঙ্গ॥
ইন্দ্ৰজাল ব্ৰহ্মজাল ৰীয়ব্য মাত্তণ্ড।
সুচি মুখ শিলি মুখ সিংহ ব্যাঘ্ৰ দন্ত॥
কাক ছিল গৃধ্ৰ কঙ্ক শ্যেন কপোতক।
সুবৰ্ণ পুতি ময়া শৰ বিদ্যুত জলক॥
খেটক বৈষ্ণব বহ্ণি বৰুণ ভাস্কৰ।
নৰিয়ণ গৰুড় গন্ধৰ্ব্ব সপ্তসাৰ॥