পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৬
চতুৰ্থ স্কন্ধ।


নিৰন্তৰ মহা যুদ্ধ নাহিকে বিচ্ছেদ।
ক্ৰমেতে দ্বাদশ বৰ্ষ নাহি অবসাদ॥
ঘোৰ যুদ্ধে ছিন্ন ভিন্ন ভৈল দেবগণ।
দৈত্য সৈন্যে পৰাজিল দেবতাৰ সৈন্য॥
ক্ষতযে বিক্ষত দেহ বক্ষ পাটাছিন্ন।
দেহ মাংস কাছি কাছি ৰক্ত ভৈল হীন॥
শৰীৰ ভেদিয়া ৰক্ত ধাৰে বহিযায়।
নিস্তেজ অমৰ বৃন্দ বিভঙ্গে পলায়॥
উৰ্দ্ধ শ্বাসে পলাই দেব ৰক্তে ৰঙ্গা দেহ।
ব্‌ক নাহি বান্ধে বিমকুত ভৈল কেশ॥
হেন দেখি পাৰ্ব্বতী নন্দন মহা ক্ৰোধে।
হাতে শক্তি শিখি পৃষ্ঠে প্ৰবেশিল যুদ্ধে॥

কাৰ্তিকৰ যুদ্ধ।
পদ।

দেব সৈন্য ভঙ্গিয়ান দেখিল কাৰ্ত্তিক।
দেব সকলক পালতাই আনিলেক॥
অকলে সমৰ্থ ভৈল সবে দানবক।
নিজ সৈন্যে বল বৃদ্ধি ভৈলন্ত সন্যেক॥