পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৫
শ্ৰীদেবীভাগবত।

লৱড়িয়া পৰিঘ গোটক তুলি লৈল।
বাহু দাঙ্গি কুবেৰৰ মুণ্ডে কোব দিল॥
জিনজিনি খাই দেব অগনি উধায়।
ৰথত পৰিয়া ৰৈল মৃতক পৰায়॥
এহিৰূপে প্ৰতি জনে জুৰে মহাৰণ।
নিৰন্তৰ অস্ত্ৰ বৃষ্টি নোহয় বৰ্ণন॥
মুসল মুদ্গৰ শেল পৰশু পট্টিশ।
ভূশুণ্ডী নাৰাচ বৎস দত্ত সুচিমুখ॥
ক্ষুৰ পৰিশিখ ভল্ল তীক্ষ্ণ শিলিমুখ।
সিংহদন্ত ব্যাঘ্ৰদন্ত গোমেযু গোমুখ॥
শুল শক্তি যাঠী জোঙ্গ গৃধ্ৰ কাক ছিল।
শক্তি কাল দণ্ড ইন্দ্ৰ জাল ব্ৰহ্ম জাল॥
অগ্নিযম বৰুণ মাৰ্ত্তঙ্গে বিশ্বাবসু।
গন্ধৰ্ব্ব বায়ব্য অস্ত্ৰ ৰাক্ষস পিশাঞ্চু॥
ব্ৰহ্মদণ্ড যমদণ্ড চক্ৰ আনি ঋষ্টি।
নিৰন্তৰ অস্ত্ৰাঘাত শব্দ ছট ছটি॥
হতাহতী কটা কৰ্টি বাগড়া বাগড়ি।
দুই সৈন্যে ঘোৰ যুদ্ধ হয় মহামাৰী॥
ৰক্তে ৰঙ্গা ভৈল যেন ৰাঙ্গল মন্দাৰ।
দিবাৰাত্ৰি ঘোৰ যুদ্ধ নাহি অবসৰ॥