এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০২
চতুৰ্থ স্কন্ধ।
অৰ্দ্ধচন্দ্ৰবাণে পাছে কাটিল ভাস্কৰ।
বিপ্ৰচিন্তে খেদিগৈল ধৰিয়া মুদগৰ॥
দেখি সূৰ্যে দশপাট শিলি মুখদিল।
তিনিপাটে গদা গোট হাততে কাটিল॥
দুইপাটে দুইবাহু সুলত ভেদিল।
পঞ্চপাট বুকে সোমাই পিঠি বজাইল।
মুচ্ছিত দানব কতোক্ষন পৰিছিল।
পাছেখোৰ শক্তি তুলি সূৰ্য্যক ঘালিল॥
মুৰ্চ্ছাহুই দিবাকৰ ক্ষনিক ৰহিল।
ধনুধৰি পুনুবেগে শৰঝাক দিল॥
দৈত্যেয়ো প্ৰহাৰে তীক্ষ্ণ অস্ত্ৰ অসংখ্যাত।
দুই হানৰ অস্ত্ৰে দুই ভৈলন্ত বিক্ষত॥
গাব ধাকি শেণিতৰ জাবে হল হলি।
ৰক্ষ পাটা কাটি দেহ ভৈলন্ত মুকলী॥
ভাস্কৰাস্ত্ৰ প্ৰহাৰিল দেব দিবাকৰ।
বৈষ্ণব্যস্ত্ৰে নিবাৰিল দানব দুৰ্ব্বাৰ॥
এহিৰূপে দুইজনে যুদ্ধ ঘোৰন্তৰ।
দানবৰ অস্ত্ৰে সূৰ্য্য ভৈলন্ত কাতৰ॥
ৰণ এৰি দূৰতে ৰহিল দিবাপতি।
বিষন্ন দেবতা দেখি সূৰ্য্যৰ দুৰ্গতি॥