পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০১
শ্ৰীদেবীভাগৱত।

শূলভাঙ্গি বজ্ৰগোট বেগেখেদি গৈল।
দেখি দৈত্যে গদাধৰি কোবএক দিল॥
দুৰ্ব্বাৰ আঘাত পাই পাছে বজ্ৰপাট।
বেগধৰি ইন্দ্ৰৰ তুমত আসিলন্ত॥
সেহিবেলা বৃষপৰ্ব্বে চিত্ৰক লভিল।
ঘোৰ গদাধৰি বেগে ইন্দ্ৰক ধাইল॥
দেখ নেদেখ বেগে দুই বাহুতুলি।
বাসবৰ মুণ্ডেকোব মাৰিল হুবুলি॥
বিষম প্ৰহাৰে দেব অগনি উধাইল।
তিৰি মিৰি দেখিৰথে নিৰলি পৰিল॥
ৰথলৈই সাৰথী হইল অন্তৰ্দ্ধ্যান।
আটাসেক দিল দৈত্য ভেদিয়া গগণ॥
হেনদেখি সূৰ্য্য দেবআগ বাঢ়িগৈল।
নাইসবুলি বি চিন্তে আগক ভেণ্টিল॥
বিপ্ৰ চিন্তে সূৰ্য্যদেবে বাজে ঘোৰৰণ।
দুইকো দুই নানাঅস্ত্ৰ কৰে প্ৰহাৰণ॥
ঘোৰশূল পাট বিপ্ৰচিন্তে প্ৰহাৰিল।
নিজ শূলে সূৰ্য্য দেবখণ্ড খণ্ড কৈল॥
শূল নষ্ট দানবকো পিল গুৰুতৰ।
গদাফেলি মাৰিলন্ত সূৰ্য্যৰ উপৰ॥

*২৬*