পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৭
শ্ৰীদেবীভাগৱত।


সেনা পতিৰ যুদ্ধ।

হেন দেখি দেব সবে অস্ত্ৰ শস্ত্ৰ লই।
সমানে সমানে বাছি যুজিলন্ত গই॥
বৃষ পৰ্ব্ব সমে মহেন্দ্ৰৰ ভৈল ৰণ।
বিপ্ৰচিত্ত সমেযুদ্ধ ভৈলন্ত তপন॥
দম্ভ সঙ্গে চন্দ্ৰৰ দাৰুণ ৰণ ভৈল।
কালান্তৰ সমে কাল গোকৰ্ণে অলপ॥
কাল কেয় কুবেৰত ময়ে বিশ্ব কৰ্ম্মে।
ভয়ঙ্কৰ সমে মৃত্যু সংহাৰেও যমে॥
বিকঙ্কে, বৰুণে, বায়ূ, সমে চঞ্চলৰ।
বুধে ধৃত পৃষ্ঠে, ৰক্তনেত্ৰ শনৈশ্বৰ॥
ৰত্ন সাৰে জয়ন্তে বৰ্চ্ছনা বসুগণে।
দীপ্তিমজ অশ্বিনী নলকু বৰে ধূম্ৰ সনে॥
ধুৰন্ধৰ ধৰ্ম্মে উৰক্ষণে যে মঙ্গলে।
শোভাকৰ বিশ্বভানু মম্মথে পিঠৰে॥
গোধা মুখে চূৰ্ণে আৰু ধ্বজে কান্ধি মুখে
বিল্ব সমে পলাশ যে অদিতে আদিত্যে॥
সমানে সমানে পৰস্পৰে বাজেৰণ।
একাদশ ৰুদ্ৰে একাদশ ভয়ঙ্কণ॥