পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
চতুৰ্থ স্কন্ধ

মহাপাশে বন্ধ৷ মনুষ্যৰ কিবা সুখ।
হৰিকেনে এত কষ্টে ভৈলন্ত সন্মুখ॥
গৰ্ভদুখ জন্ম দুখ বাল্য কালে দুঃখ।
যৌবনে কামৰ জ্বালা আদি চিন্ত৷ দুঃখ॥
এত দুঃখ পায় তবু কেনে নাৰায়ণ॥
পুনু পুনু অবতাৰ হয় কিকাৰণ॥
পৰব্ৰহ্ম হৰি ৰাম অবতাৰ ভৈল।
বনবাসে মহা দুঃখ জানকী হৰিল॥
তাত পাছে বনে বিপৰীত ক্লেশ পাইল।
অন্তে সীতা ত্যাগে তাতে৷ কৰি কষ্ট ভৈল॥
কৃষ্ণ অবতাৰ মুনি ভৈল বন্দিসালে।
গোকুলত গৰু ৰাখি কিবা সুখ পালে।
কষ্ট কৰি কংস ৰাজে কৰিল নিধন।
তাত পাছে দ্বাৰক৷ নগৰে পলায়ন॥
সংসাৰিক নানাদুঃখ ভোগে ভগবান।
হেন দুঃখে হৰি কেনে হয় আগমন।
চতুৰ্থ স্কন্ধৰ পদ দ্বিতীয় অধ্যায়॥
কৰ্ম্মফল মুখ্যনাম জ্ঞানৰ উদয়।
কৃষ্ণৰ কিঙ্কৰে পদ ভৰ্ণিল গোপাল॥
বোলা হৰি হৰি ডাকি চিন্দি মায়াজাল৷