পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮১
শ্ৰীদেবীভাগৱত।

তাত পাছে অশ্বাৰোহী, মেন মহাকাল দাহী,
 খাণ্ডা বাৰু নানা প্ৰহৰণ॥
তিনি লক্ষ অক্ষৌহিণী, নিকলিল পথচানি,
 জল স্থল পৃথিবী ধাকিল।
গিড় গিড় শব্দে চলে, খোজত ধৰণী লড়ে,
 ভৰ পাইকৰে তলমল॥
দেবতা তেত্ৰিশ কোটি,  যোগিণীয়ো এক কোটি,
 তিন কোটি ভুত প্ৰেত ডানা।
বসুমতী হুসকিল, দিপ্গজেয়ো আঠুলৈল,
 লড়িলন্ত অনন্তৰ ফনা॥
তিনি কোন উপৰায়ল, এক কোন বহিগৈল,
 যেবে সৰ্ব্ব সৈন্য এক ভৈল।
লাউৰ হেদালী যেনে, তলমল কৰে ঘণে,
 স্থিৰ হুই অনন্তে ধৰিল॥
ঘোড়াৰ হেশনি শব্দ, হাতীৰ বৃংহতিৰাব,
 সৈন্য কোলাহল আসৰিস।
পথ ঘাট নদ নদী, খোজে পঙ্কাকুল অতি,
 চোট নদী খোজে ভৈল শুষ্ক॥
কলৰব গণ্ড গোল, তিনি লোক খলকিল,
 জল স্থল ধৰণী গগণ।