পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮০
চতুৰ্থ স্কন্ধ।


মত্তহস্তী নবপদ্ম, ৰন ঘোড়া নব পদ্ম,
 ত্ৰিশ খৰ্ব্ব যুদ্ধ ৰথ গনি॥
অঠাৰ সমুদ্ৰ সেনা, প্ৰধাণত এত গণণ,
 বাদ্য ভণ্ড তিন অক্ষৌহিণী।
আগে চলে হস্তী বৃন্দ,  মহাকাল মেঘ খণ্ড,
 অলঙ্কাৰে শৰীৰ সুহণী॥
কুম্ভ স্থলে তৈল মাখা,  তাত সিন্দুৰৰ ৰেখা,
 সুবৰ্ণ মণ্ডিত দন্তচয়।
উপৰে মাহুত বীৰ,  যুদ্ধ সাজে হুই স্থিৰ,
 অঙ্কুশে খুঞ্চিয়া চলাবয়॥
তাত পাচে চলে ৰথ,  উচ্চ ধ্বজ স্বৰ্ণ পাট,
 চা চাৰি ঘোটক একে একে।
অস্ত্ৰ শস্ত্ৰ পৰিপূৰ্ণ, ধনু ধৰি বীৰগণ,
 সাৰথি কড়ালী টানিহাকে॥
ধনুৰ্ব্বাণ শূল শেল, মুষল মুদগৰ ভল্ল,
 পট্টিশ পৰিঘ অস্ত্ৰ কোটি।
কৰ্ম্মধাৰী বাৰবতী, তীক্ষ্ণ অসি সূৰ্য্য় জ্যোতি,
 গাৱ বন্ধ বিচিত্ৰ বসন।