পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
শ্ৰী শ্ৰীদেবী ভাগবত।

জন্মেজয়ৰ পুনঃ প্ৰশ্ন।


পদ।


জন্মেজয় কহে দেব সংশয় ডাঙ্গৰ।
কিকৰিল কশ্যপে লভিল শাপ ঘোৰ॥
ভাৰ্য্যা সমে কিবা হেতু জনম লভিল।
কিবা হেতু বিষ্ণু গোকুলত জন্মভৈল॥
কাৰ অনুৰোধে লক্ষ্মী বৈকুণ্ঠ ত্যাগিল।
সবাৰ কাৰণ বিষ্ণু সকলৰ শ্ৰেষ্ঠ॥
মনুষ্য স্বৰূপ কৰ্ম্মফল ভৈল প্ৰাপ্ত।
বৈকুণ্ঠ বিভূতি লক্ষ্মী ত্যাগি নাৰায়ণ।
পৰম বিস্ময় ভৈল মনুষ্যে জনম॥
মানুষৰ দেহ লভি কৰে বিড়ম্বনা।
কাম ক্ৰোধ হৰ্ষ শোক বিবিধ ভাবনা॥
বৈৰ মিত্ৰ সুখ দুখ দৈন্য হীনকাম।
সুকৃত দুষ্কৃত বাক্য যুজন মাৰণ।
উপতাপ বিমৰ্ষ বিতন্দা চল চাল॥
লোভ মোহ দম্ভশোক দাৰা প্ৰতি পাল।
ইটোসব ভাব ঋষি মনুষ্যে বৰ্ত্তয়।
সুখ এৰি বিষ্ণু কেনে ইহাত পৰয়॥