পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৭
শ্ৰীদেবীভাগৱত।


ব্ৰাহ্মণক নিত্যে দান কৰে যেতিৰূপ।
সিদিনা দিলন্ত দান ত্ৰিদশৰ ভূপ॥
অমূল্য মুকুতা ৰত্ন মানিক্য হীৰক।
মঙ্গল কামনে দান দিল ব্ৰাহ্মণক॥
মনোহৰ অশ্বগজ ৰত্ন ধন ধান্য।
ব্ৰাহ্মণ গুৰুক আৰু দেন্ত অকিঞ্চন॥
দু লক্ষ নগৰ গৃহ সহস্ৰ ভাণ্ডাৰ।
শত কোটি গ্ৰাম দান দিল নৃপবৰ॥
সকল দানবে মিলি পুত্ৰে ৰাজ্য দিল।
সাগৰান্ত পৃথিৱীত অভিযেক কৈল॥
পুত্ৰ হন্তে সমৰ্পিল, ভাৰ্য্য৷ ৰাজ্যধন।
প্ৰজ৷ অনুচৰ বৰ্গ বাহন ভূষণ॥
ৰাজ নীতি ধৰ্ম্ম নীতি কিঞ্চিত শিখাইল!
প্ৰজ৷ৰ পালন বিধি যতেক পাৰিল॥

অথ সৈন্য বিভাগ।

সন্নাহা আববি দেহে ধনুৰ্ব্বাণ লৈল।
সকলে৷ দেহত ৰত্ন ভূষণ পিন্ধল॥
শিৰত পিন্ধিল মনি খচিত কিৰীটি।
জল মল কৰে যেন গাৰ্ত্তণ্ডৰ জ্যোতিঃ

  • ২৪*