পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৩
শ্ৰীদেবীভাগৱত।

কোন জন কাৰ বন্ধু কোন কাৰ অৰি।
ভজা সেহি সৰ্ব্ব বন্ধু দেব বিপদ্ধাৰী॥
মই কোন তুমি কোন কিবা পৰিচয়।
বিধিৰ যোজনা মাত্ৰ সম্বন্ধ যটয়॥
বিধি নিয়োগিল পুৰ্ব্বে যোটন কৰিল।
তব কৰ্ম্ম ফলে পুমু বিয়োগ ঘটিল॥
দুঃখে দুঃখে কাল কাটি ভ্ৰমি বেড়াইল।
এইবাৰে নাৰায়ণে তুমি কান্ত পাইলা॥
যাক লাগি বদৰিকা শ্ৰমে তপ কৈলা।
যি হৰিক লাগে আবে তাহাক পাইলা॥
ব্ৰহ্মা বৰে মই তোমা তপ লাভে পাইলো।
হৰি প্ৰাপ্তি কাল ইটো নিশ্চয়ে কহিলো॥
বৃন্দাবনে গোবিন্দ গোলোকে তাঙ্ক পাব।
মিছা শোক এৰি মনে হৰিক ডাকিব॥
তিয়াগি দানবী তমু ময়ো যাইবো তথা।
দুইজনে দেখা দেখি হইবো সৰ্ব্বথা॥
ৰাধা শাপে দুৰ্ল্লভ ভাৰতে জন্ম পালো।
কিবা শোক কৰা পুনু তথাকে চলিলে৷।
তুমিয়ো ইদেহ ত্যগি দিব্য ৰূপ ধৰি।
কাতৰ নহয়ো সেই কালে পাইবা হৰি॥