পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭১
শ্ৰীদেবীভাগৱত।

ৰহ ক্ষণিতেক দেখো তৃষিত নয়ণে।
তুলসীৰ মুখ চাহি দেখা অল্পক্ষণে॥
প্ৰাণ উচু পিচু কৰে মন দগ্ধ ভৈল।
দুঃস্বপ্ন দেখিলো আজি হাতে ফলিয়াইল॥
তুলসী কাকুতি শুনি আহাৰাস্ত কৰি।
পণ্ডিতালী ভাবে শঙ্খে কহন্ত সাদৰি॥
শঙ্খচূড়ৰ প্ৰবোধ।
শঙ্খচুড়াকহে সতী কৰা অৱধান।
মিছাতে নকৰা তুমি শোক দুঃখ মন॥
দৈবাধীন কালমতে কৰ্ম্ম নিবন্ধন।
সুখ দুঃখ হৰ্ষ শোক মঙ্গল বন্ধন॥
কালতে জন্ময় বৃক্ষ কালে জন্মে ডাল।
ক্ৰমে তাত ফল পুষ্প ফলে কালে কলি॥
সেহি সব ফল পাছে পকিলে কালত।
সিসবো ফলয় পুনু পৰম্ভ কালত॥
কালে বিশ্ব সৃষ্টি হয় কালত বিনাশ।
কালত শ্ৰজন কালে বহুন্ধৰী নাশ॥
ব্ৰহ্মা বিষ্ণু শিব আদি সবাৰ ঈশ্বৰ।
সংহাৰক ৰুদ্ৰকালে কৰম্ভ সংহাৰ॥