পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৯
শ্ৰীদেবীভাগবত।

মুদ্গৰ মুসল বজ্ৰ খেটক ফলক।
শত্ৰু খাতী মহা মহা দিব্য অস্ত্ৰ ঝাক॥
বৈষ্ণব বৰুণ অস্ত্ৰ বহ্নি নাগ পাশ।
নাগমুখ ব্যাঘ্ৰমুখ সৰ্প মহাপাশ॥
নাৰায়ণ গৰুড গন্ধৰ্ব্ব ব্ৰহ্ম অস্ত্ৰ।
পাশুপত বাৰুণ পৰ্ববত জুম্ভনাস্ত্ৰ॥
মাহেশ্বৰ মহেন্দ্ৰ বায়ব্য সম্মোহন।
পিশ৷ঞ্চ ৰাক্ষস যক্ষ দিব্য অস্ত্ৰগণ॥
শত শত মহা অস্ত্ৰ অব্যৰ্থ মন্ত্ৰৰ।
প্ৰচন্দ কোদণ্ড হাতে ভীষণ প্ৰখৰ॥
তিনি কোটি ডাকিনী তথাত আসি ভৈল।
তিনি কোটি মহা ঊগ্ৰ যোগিণী আদিল॥
ভূত প্ৰেত পিশাঞ্চ কুষ্মাণ্ড ব্ৰহ্ম ৰক্ষ।
বেতাল ৰাক্ষস যক্ষ উৰগ অসংখ্য॥
ইসবক সঙ্গে কৰি দেব সেনাপতি।
কাৰ্ত্তিকে আসিয়া নমিলস্ত পশুপতি॥
পিতৃ পাৰ্শ্বে আজ্ঞা চাই বসিয়া ৰহিল।
দূতে গৈই শঙ্খচূড়ে সব জানাইল॥