পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৮
চতুৰ্থ স্কন্ধ।

অষ্টবসু ইন্দ্ৰ আৰু দ্বাদশ আদিত্য।
অগ্নি চন্দ্ৰ বিশ্বকৰ্ম্মা অশ্বিণী মাৰুত॥
কুবেৰ বৰুণ যম বুধ নলকুবেৰ।
জয়ন্ত মঙ্গল ধৰ্ম্ম দেব শনৈশ্বৰ॥
বীৰ্য্যবান কাম দেব দেবী শতকোটি।
তাৰমধ্যে প্ৰধান যোগিণী এক কোটি॥
উগ্ৰচণ্ডা উগ্ৰদ্ৰংষ্ট্ৰা কোটভী কোটৰী।
স্বয়ং অষ্টাভুজ৷ ভদ্ৰকালী ভয়ঙ্কৰী॥
মহাৰত্ন বিখছিত বিমান উপৰে।
ৰক্ত বস্ত্ৰ পৰিধান ৰক্ত মাল্যাম্বৰে॥
হাসন্ত নাচন্ত নৃত্য গীত সুমধুৰ।
ভক্তৰ অভয় দাত্ৰী শত্ৰু ভয়কৰ॥
লক লক লোল জিহ্বা যোজন প্ৰমাণ।
যোজনত চাৰি ক্ৰোশ গণিত বিধান॥
শঙ্খ চক্ৰ গদা খড়্গ চৰ্ম্ম ধনুঃ শৰ।
বৰ্ত্তুল খৰ্পৰ এক যোজন বিস্তাৰ॥
গভীৰ হোবয় সিটো যোজন প্ৰমাণ।
যত লাগে তত বাঢ়ে নাহি পৰিমাণ॥
ত্ৰিশূল আকাশ লঙ্ঘী শক্তি ঘোৰতৰ।
যোজন প্ৰমাণ দীৰ্ঘ হিমাদ্ৰি আকাৰ॥