পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
শ্ৰী শ্ৰীদেবী ভাগবত।

প্ৰশব যন্ত্ৰণা তাতোকৰি দুঃখবৰ৷
বাল্যকাল অতি কষ্ট অজ্ঞান আন্ধাৰ।
বাক্য নাহি ফুটে মুখে বোবাৰ আনয়।
ক্ষুধা তৃষ্ণা দুঃখ পৰাধীনে আশাৰয়৷
ব্যাধি পীড়া সৰ্ব্বদায়ে ঔসঁধি সেবন।
বিষ্ঠ৷ মূত্ৰে পছে মাত্ৰ কৰন্ত ক্ৰন্দন॥
নানাবিধ দুঃখ বাল্যকালে ভোগকৰে।
কোন সুখ লাগি জ্ঞানী জন্ম বাঞ্চাকৰে॥
সংগ্ৰাম পৰম দুঃখ মহাপৰিশ্ৰম।
সুখ এৰি কোন মূঢ়ে কৰন্ত কামন॥
ব্ৰহ্মা আদি দেবৰাজ৷ দৈবৰ অধীন।
কৰ্ম্ম মতে সুখ দুঃখ ভূঞ্জে অনুক্ষণ॥
দেহ ধাৰী মাত্ৰে সব দেব কি পিশাঞ্চ।
শুভা শুত কৰ্ম্মফল ভোগন্ত অবশ্য॥
কম্মক্ষীণ ভৈলে ইন্দ্ৰো পতন হোৱয়।
দান যজ্ঞ তপোবলে যদি ইন্দ্ৰ হয়॥
যজ্ঞ তপবলে নৰে ইন্দ্ৰ পদ লভে।
সেই পূন্য ক্ষয় ভৈলে স্বৰ্গ হস্তে খসে॥
ৰাম অবতাৰে দেব বানৰে জন্মিল।
কৃষ্ণ অবতাৰে গোপ যাদৱ হইল॥