পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৮
চতুৰ্থ স্কন্ধ।


শঙ্খচুৰৰ আখ্যান॥

পদ।

ভগবান কহে শুনা পূৰ্ব্বৰ কাহিনি।
শঙ্খচূড় বৃতান্ত সমস্ত আছো জানি॥
মোৰভক্ত গোপ শঙ্খচুড় মহা তেজা।
তাৰইতি হাস কহো শুনা পদ্ম ভূজা॥
গোলোক চৰিত্ৰ ইটো পাপনশ কাৰী।
পুন্য বৃদ্ধি হয় ব্ৰহ্মা শুনা কৰ্ণ ভৰি॥
সুদামা নামত গোপ মোৰ পাৰিষদ।
ৰাধা শাপে দান বীযে৷ নিত ভৈলজাত॥
একদিনা একা আমি ৰাশ মণ্ডপত।
বিৰজা সহিত ক্ৰীড়াকৰো অবিৰত॥
হেনকালে কোনদাসী ৰাধাক জনাইল।
শুনি ৰাশেম্বৰী কোপ ঘৃতা হুতি ভৈল॥
ক্ৰোধে তৈত গই ৰাধা মোক নপাইল।
বিৰ জায়ো ততক্ষণে নদীৰূপ ভৈল॥
পুনৰপি তৈৰপৰা উলতি আসিল।
সখা সমে মোক নিজ মন্দিৰে দেখিল॥