পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৫
শ্ৰীদেবীভাগবত।

শ্ৰীহৰি সমান সবে হসিত বদন।
সুন্দৰ মূৰুতি পদ্ম পলাশ নয়ণ॥
আগমন বাৰ্ত্তা ব্ৰহ্মা কহিল সবাক।
দ্বাৰ চাড়ি দিল গৈল দ্বিতীয় দ্বাৰক॥
এহিৰূপে ষোল দ্বাৰ কৰি অতিক্ৰম।
দেব সমে প্ৰবেশিলা পাছে সভাখান॥
চতুৰ্ভুজ পাৰিষদে বেঢ়িয়া আছয়।
দেব ঋষি গণে বেদ সূক্ত পঢ়িছয়॥
সবে পাৰিষদ নাৰায়ণৰ সমান।
সবে চতুৰ্ভুজ কণ্ঠে কৌস্তুভ ধাৰণ॥
নব চন্দ্ৰ মণ্ডল সনান জাতিস্কাৰ।
চতুৰস্ৰ হীৰামণি খছিত সুন্দৰ॥
মণিৰাজ নিৰ্ম্মিত বিশুদ্ধ হীৰাহাৰ।
মানিক্যে জড়িত মালা গজ মুকুতাৰ।
কোটি কোটি ঞ্চন দৰ্পন চতুঃ পাৰ্শ্বে।
সজাই আছে সভাখান বিচিত্ৰ আয়াশে॥
নানা চিত্ৰ বিচিত্ৰ প্ৰতিমা পট শোভা।
পদ্ম ৰাগমণি বিৰচিত মনো লোভা॥
উপৰত চন্দ্ৰতাপ সুবৰ্ণ জড়িত।
ইন্দ্ৰকান্ত চন্দ্ৰকান্ত মণি সুশোভিত॥