পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫১
শ্ৰীদেবীভাগৱত।

জাতি চন্দনৰ ৰেখা কুঙ্কুমে অঙ্কিত।
সিন্দুৰৰ বিন্দু কাঠি দিছে কিনাৰত॥
কুঙ্কম তীলক মধ্য কপোল উপৰি।
সিন্দুৰৰ বিন্দু তাতে দীপ জ্যোতি কৰি॥
স্থূল পদ্ম নিন্দি তাৰ পাদ পদ্ম যুগে।
আলতাৰ চিত্ৰ ৰেখা দিছে মনো সুখে॥
অনুৰাগে হৃদি মাঝে মুহুৰ্ত্ত নিৰীক্ষি।
মনে ভাবে চৰণ পঙ্কজ বিশালাক্ষী॥
মুখে বোলে হে দেবি! মই তযু দাস।
দাসৰ আশাত তুমি নকৰা নৈৰাশ॥
এহিৰূপে বাৰম্বাৰ কৰে পৰিহান।
নুতন প্ৰণয়ে নিত্য নব নব বস॥
ৰত্ন বিশোভিত সালঙ্কত হাতে ধৰি।
দুই হাতে সাবটি ৰাখন্ত বক্ষোপৰি॥
এহি ৰূপে বহু কাল তৈতে বিহাৰিল।
তপোবন এৰি পাচে স্থানান্তৰে গৈল॥
মলয় পৰ্ব্বতে দেবালয়ে তথাশ্ৰমে।
মনোৰম স্থানে উচ্চ শিৰে পুষ্পোদ্যানে॥
গিৰিগুহা বন নদী সমুদ্ৰৰ তীৰে।
পবন হিল্লোলে পুষ্প ভদ্ৰা নদী ধাৰে॥