পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
চতুৰ্থ স্কন্ধ

বিষ্ঠামূত্ৰ গৰ্ত্তে বাস কোনে বাঞ্চা কৰে।
পুষ্প সাৰ লীলা জল কেলি সুখ এৰে॥
সুবৰ্ণ পালঙ্ক দুগ্ধফেন নিভ তুলি।
নৃত্যগীত বাদ্য ভণ্ড সুমধুৰ কেলি॥
ইটো সব সুখ এৰি নৰক বাসনা।
আচোক দেবতা নৰে নকৰে কামনা॥
সিন্ধু সুতা সমে হুমধুৰ ৰসএৰি।
বিষ্ঠা মূত্ৰ পান কোনে বাঞ্চে ইচ্ছাকৰি।
গৰ্ভবাস উপৰি ত্ৰিলোকে নৰ্ক নাই।
তাৰ ভয়ে মুনি ঘোৰ তপস্যা কৰয়।
ৰাজ্য ভোগ ত্যাগি বনে যান্ত নৃপগণ।
গৰ্ভ বাস ভয়ে কৰে কষ্টকে শয়ন॥
গৰ্ভ বাসে কৃমি কীট কৰন্ত দংশন।
ঘোৰ জঠৰাগ্নি সদা কৰয় দহন॥
লোহাৰ নিগড় বন্ধে কিবা সুখ ভূপ!
তবু সিয়ো নোহে গৰ্ভবাস অনুৰূপ॥
পোটাশালে বন্দী লৌহ নিগড় বন্ধন।
গৰ্ভ বাস হন্তে সিয়ো ভাল শত গুণ॥
অল্পক্ষণো গৰ্ভবাস অভিৰুচি নোহে।
দিবা ৰাত্ৰি দশমাস দুঃখ অহৰহে॥