পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৯
শ্ৰীদেবীভাগবত।


ৰহিকৰ বাম ভাগে কঙ্কনৰ চিহৎ।
ৰসিকা দিলন্ত দেখি ৰসিকে তখন॥
তাৰ দুই ওষ্ঠ প্ৰেমে দংশন কৰিল।
ৰসিকা তাহাৰ গালে চাৰি চুমা খাইল॥
তাত পাছে আলিঙ্গন চুম্বন কৰয়।
জঙ্ঘাদি মৰ্দ্দন ক্ৰীড়া দুজনে সাধয়॥
সুৰত বিৰতে দুই জন উঠি বৈসে।
সুবেশ কৰয় যেবে মনে ভাল বাসে॥
ৰসিকা তীলক পিন্ধাই কুঙ্কুম চন্দনে।
মৃগমদ কশুৰী লেপয় সৰ্ব্ব অঙ্গে॥
অগ্নি শুদ্ধ উত্তম বসন পিন্ধাই দেহে।
কৰ্পূৰ তাম্বুল পাৰিজাত মালা স্নেহে॥
অমূল্য ৰতন শুদ্ধ উত্তম আঙ্গঠী
ত্ৰিলোক দুৰ্ল্লভ নাগহাৰ মণি জ্যোতি॥
এহি সব পিন্ধাই হাসি কহয় সুন্দৰী
দাসী ভৈলো দাসী ভৈলো যিবা লাগেকৰি॥
ৰসিক নায়ক কৰো ভক্তিতে প্ৰণমি।
চক্ষু মুখে একবাৰ হাসা দেখো পুনঃ॥
এহি ৰূপে ৰসিকা কৰয় ব্যঙ্গ উক্তি।
কাম ভাবে ক্ষণিক দেখন্ত ৰসপতি॥