পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৮
চতুৰ্থ স্কন্ধ

ৰসিক নাগৰে সেহিমতে ৰসাস্বাদ।
তুলসী সহিতে কৰে আমোদ আহ্লাদ॥
অতি মনোৰম স্থানে হিংশ্ৰ জন্তু হীন৷
পুষ্প শয্যা পুষ্প ছায়া সুগন্ধি সেবন॥
ফুলনী বাড়ীত নদীতীৰে স্নিগ্ধ স্থানে৷
চন্দন চৰ্চ্ছিত পুষ্পনয় গন্ধ স্থানে॥
ৰসিকা লইয়া তাত ৰসক্ৰীড়া কৰে।
ৰত্ন অলঙ্কাৰ পুষ্প মালা জাতিস্কাৰে॥
ৰতন খছিত অলঙ্কাৰে সুশোভণ।
নাগৰ নাগৰী দুয়ো প্ৰসন্ন বদন॥
ৰসজ্ঞা যুবতী ৰস পণ্ডিত পুৰুষ।
নানা ৰঙ্গ ৰসে কৰে ভৰ্ত্তা মন তোষ॥
ৰস ভাবে ৰসিক যে উন্মত্ত চেঞ্চাই।
ৰসীকাৰ বক্ষে দিল তীলক পিন্ধাই॥
চন্দন তীলক দিল কুচ গিৰি মাঝে।
ৰসিকা সিন্দু ৰসিটা দিল গায়ে লাজে॥
সিন্দুৰ তীলক যেবে ৰসিকা পিন্ধাইল।
ৰসিকে তাহৰি বুকে নখাঘাত দিল॥
ৰসিকে দিলন্ত যেবে নখৰ আঘাত।
হাতৰ কঙ্কনে চিহ্ন ৰসিকা দিলন্ত॥