পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৬
চতুৰ্থ স্কন্ধ

ষষ্ঠী অৰুন্ধতী যেনে তাৰা বৃহষ্পতি।
মনু শতৰূপা কৰ্দ্দম দেবহুতী॥
স্বাহা অগ্নি যিৰূপ দক্ষিনা যজ্ঞে প্ৰীতি।
দেব সেনা স্কন্ধে যেনে সতী ধৰ্ম্ম মূৰ্ত্তি॥
শচী সমে ইন্দ্ৰ যেন পুষ্টি গনেশ্বৰে।
তুমিয়ো সৌভাগ্য প্ৰীতি হোৱা শঙ্খচুৰে॥
সুন্দৰ সহিত যোগ উত্তমা সুন্দৰী।
স্থানে স্থানে বিহাৰ কৰিয়ো মন পুৰি॥
বিষ্ণু অংশে শঙ্খচুৰ কৃষ্ণ পাৰিষদ।
বৰ্ত্তমানে তাৰ সঙ্গে ভুঞ্জিয়ো সম্পদ॥
শঙ্খচুড় মৃত্যু ভৈলে বৈকুণ্ঠ ভিতৰে।
চতুৰ্ভুজ বিষ্ণু সমে বিহৰিবা পৰে॥
তাত পাচে গোলোকে দ্বিভূজ কৃষ্ণে পাবা
এহি ৰূপে পুনৰপি নিজ স্থানে যাবা॥
নবম স্কন্ধৰ পদ ভাগবতাখ্যান।
শঙ্খচূড় তুলসীৰ বিবাহ মিলন॥
নাৰায়ণ নাৰদৰ সংবাদ উত্তম।
দ্বিজ শ্ৰীগোপাল ভণে বোলাৰাম ৰাম॥