পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
চতুৰ্থ স্কন্ধ

ৰমনী পৰিক্ষা কৰি স্বামীক বৰয়।
মন নেখাইলে মহা অনৰ্থ ঘটয়॥
গুণ হীন বৃদ্ধ মুৰ্খ দৰিদ্ৰ যিজন।
ৰোগ গ্ৰস্থ কুৎসিত খঙাল জ্ঞান হীন॥
খোড়া খঞ্জ অঙ্গ হীন অন্ধলা বধিৰ।
জড় বোবা ল্কিব আৰু অশক্ত বৰ্ব্বৰ॥
এহি সবে নিজ কন্যা যিটো দান কৰে।
পদে পদে ব্ৰহ্ম হত্যা সিজয় তাহাৰে॥
শান্তমতী গুণী যুবা দোষ হীন চায়।
অযাচিত দানে যশ যজ্ঞ ফল পায়॥
কন্যা প্ৰতিপাল কৰি যদি বিক্ৰী কৰে।
সিটোজন পৰে কুম্ভী পাকৰ ভিতৰে॥
তৈত থাকি কন্যা মূত্ৰ পুৰীষ ভক্ষয়।
কাক কৃমি দংশে সদা ঘোৰ দুঃখ পায়॥
চতুৰ্দ্দশ ইন্দ্ৰকাল তাতে পৰি থাকে।
তাত পাচে ৰুগ্ন হুই জন্মে কৰ্ম্ম পাকে॥
ধৰন্ত কষায় জন্ম মাংস বিক্ৰী কৰে।
দিবা ৰাত্ৰি মাংস বেচি বিহৰে সংসাৰে॥
এতমান কহিয়া তুলসী ক্ষান্ত ভৈল।
হেনকালে ব্ৰহ্মা দেব তথাতে আসিল॥