পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
চতুৰ্থ স্কন্ধ

বৰ্ত্তুল বলিত হস্ত পদলয় লোস।
চঞ্চলা তৰলা লতা নবীন বয়স॥
হাতৰ আঙ্গুলী যেন চাপাৰ কাৰুলি।
মানিক্য সমান শুভ্ৰ ক্ষুদ্ৰ দন্তাবলি॥
স্থিৰ সৌদামিনী মৃদু মন্থৰ গামিনী।
ললিত বলিত তনু সৰ্ব্ব সুলক্ষণী॥
সুশীলা ৰূপসী সতী শৃঙ্গাৰ বোশিনী।
সমীপে চাপিয়া শঙ্খচূড়ে শোধেবাণী॥

তুলসীও শঙ্খচূড়ৰ তক্ক।

পদ।

শঙ্খচুড় পুছে তুমি কোন ৰূপৱতী।
কাৰন্যা কল্যানি! সাবিত্ৰী মানবতী;
মৌন ধৰি আছা মোক সম্ভাষা সুন্দৰী।
তোমাৰ কিঙ্কৰ আমি ভৈলো আজি ধৰি
প্ৰণয় বচন শুনি কামুকী ৰমণী।
অধোমুখে ইষৎহাসি কহিল তখনি॥
ধৰ্ম্মধ্বজ হুতা আমি বনেতপ কৰো।
তপস্বিনী হুইমন সুখেৰে বিহৰো॥
যৈক ইচ্ছা তৈকে যাও যথামন লাগে।
স্ত্ৰী জন্মে একাকী ৰূহো সতী সাধ্বী ভাগে