পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩১
শ্ৰীদেবীভাগবত

ৰাধিকাৰ প্ৰাণ তুল্য হুইবা মোৰ বৰে।
ৰাধাৰ অজ্ঞাতে হবে গোপণে শৃঙ্গাৰ॥
ৰাধা সম ভাগ্যবতী তুমিয়ো হুইবা।
গোবিন্দ্ৰ প্ৰিয়সী হুই আনন্দে থাকিবা॥
এত কহি ষোলক্ষৰী মন্ত্ৰ দীক্ষাদিল।
পূজাৰ পটল স্তব কবচ শিখাইল॥
আশীৰ্ব্বাদ কৈল ব্ৰহ্মা শীঘ্ৰ সিদ্ধি হৌক।
শ্ৰীহৰি প্ৰসাদে লক্ষ্মী সমান হুয়োক॥
সিদ্ধ মন্ত্ৰে বৰদান ফল প্ৰাপ্ত হুয়ো।
জগত দুৰ্ল্লভ মহা সুখক ভুঞ্জিয়ো॥
শুনি তুলসীয়ে বৰ সুপ্ৰসন্ন ভৈল।
বৰলভি তপ ক্লেশ সব পাসৰিল॥
ফল সিদ্ধি ভৈলে নৰে সৰ্ব্ব সুখ পায়।
দুঃখ ক্লেশ দূৰকৰি আনন্দে বঞ্চয়॥
অসন শয়ন পান ভোজন উত্তম।
চন্দন চচ্চিত মৃদু পালস্কে শয়ণ॥
তুলসীয়ে৷ সেহিৰূপে আনন্দ লভিল।
ব্যাস অনু বন্ধ পদ গোপালে ৰচিল॥
সপ্তদশ অধ্যা তুলসীৰ জন্ম পৰ্ব্ব।
শ্ৰবণে কীৰ্ত্তনে পাপ ৰাশি হয় খৰ্ব্ব॥