পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
শ্ৰীদেবীভাগবত

দক্ষৰ দুহিতা দনুভাৰ্য্যা কাশ্যপৰ।
তাৰগৰ্ভে জাত শঙ্খচূড় মহাবীৰ॥
ত্ৰিলোকে তাহাৰ সম নাহি কোনজন।
গোলোকত ৰাধাতাক কাম ভাবদেখি॥
দিলশাপ দৈত্যকুলে জম্মহ পাতকী।
ৰাধিকা প্ৰভাবে পাছে শ্ৰীভ্ৰট ভৈল॥
জাতিস্মৰ হুইদহু গৰ্ভে জন্ম লৈল।
বৰ্ত্তমানে তাৰ পত্নী হুইবা সুন্দৰী॥
তাতপাচে এহিকালে পাইবা শ্ৰীহৰি৷
কলিযূগে নাৰায়ণ জনম হৈবন্ত॥
শাপে বসুদেব ঘৰে মথুৰা পূৰীত।
সেহিকালে তুমি বৃক্ষৰূপে জনমিবা॥
সৰ্ব্ব পুষ্প মধ্যে তুমি প্ৰধাণ হুইবা।
পবিত্ৰ হইবে বিশ্ব লভি তযু ঘ্ৰাণ॥
তুলসী বিহীনে কৰ্ম্ম নুহিবে শোভন।
নাৰায়ণ প্ৰাণাধিকা বিশ্বৰ পাবণী॥
সৰ্ব্ব পূজা ব্যৰ্থদেবি তুলসী বিহণি।
বৃন্দাবনে বৃক্ষৰূপে বৃন্দাবণী নাম॥
তবপত্ৰে গোপীকা পূজিবে ঘন শ্যাম।
গোপসমে মোৰবৰে সুখে বিহৰিবা॥

*২০*