পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
চতুৰ্থ স্কন্ধ

হেনকালে ৰাসেশ্বৰী তথাকে আসিল।
পাচে ৰতি মুৰ্চ্ছা মোক দেখিবে পাইলা॥
ক্ৰোধে গোবিন্দক ভৎৰ্সি মোক দিলশাপ৷
মনুষ্য যোনিত জন ধৰ মহাপাপ॥
হেনশুনি দামোদৰে বুলিল কৰুণা॥
মোৰ চতুৰ্ভজৰূপ পাইবা ললনা॥
ভাৰতে জনমি তপ কৰিবা বহুল।
ব্ৰহ্মাবৰে পাবা চতুৰ্ভূজ স্বামী মূল॥
এতকহি জগন্নাথ ভৈল অন্তৰ্ধ্যান।
দেবী শাপে আমি ধৰণীত ভৈলো জন্ম॥
শ্ৰীমন্ত সুন্দৰ মূৰ্ত্তি দেৱ নাৰায়ণ।
মই যেনেপতি পাওঁ দেহবৰদান॥

সুধামাৰ শাপ বিবৰণ॥

পদ।

ব্ৰহ্মাদেব বোলে শুনা পূৰ্ব্বৰ আখ্যান।
সুধামা নামত গোপ কৃষ্ণ অংশেজন্ম॥
অমিত তেজস্বী হৰি অংশে ভাৰতত।
ৰাধাশাপে জনমিল দনুৰ গৰ্ভত॥