পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
শ্ৰীদেবীভাগবত

নাহি ক্ষুধা তৃষ্ণা সদা ৰমনে আসক্ত।
এহি ৰূপে দেব মানে শত বৰ্ষ গত॥
নায়ক তৃপিতি ভৈল বিৰাম কৰিল।
কামুকী নায়িকা কিন্তু তৃপ্তি নালভিল॥
ঋতুবৰ্ত্তে গৰ্ভবতী হইল সুন্দৰী।
দেবমানে শতবৰ্ষ ভৈল গৰ্ভধাৰী॥
দিনে দিনে গৰ্ভ তেজ বাঢ়িবে লাগিল।
এক দিনে প্ৰসব বেদন৷ আসি ভৈল॥
শুভ লগ্ন শুভ চন্দ্ৰ শুভ গ্ৰহ যোগে।
কাৰ্ত্তিক পুণিমা মঙ্গলৰ দিবা ভাগে॥
পদ্মা অংশে পদ্মিনী কন্যাক জনমিল।
শৰত পাৰ্ব্বণ চন্দ্ৰ বদন নিৰ্ম্মল॥
শৰত পঙ্কজ নেত্ৰ ত্তষ্ঠ বিম্ব ফল।
জন্ম মাত্ৰে গৃহ খান হাসিয়া উঠিল॥
হস্ত পদ ৰাতুল ৰকত নখে ৰেখা।
নাভি সৰোবৰ অতি ত্ৰিবলি ত্ৰিৰেখ॥
অধোভাগে স্ত্ৰী চিহ্ন ত্ৰিবলি বলিত।
বৰ্ত্তুল নিতম্ব অতি চিক্কণ ললিত॥
শীতকালে উষ্ণ গ্ৰাষ্মে লাগয় শীতল।
দুগ্ধ ফেন বিনন্দিয়া শৰীৰ কোমল॥