পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
চতুৰ্থ স্কন্ধ।

কাম বশে বলে তোমা কৰিলন্ত স্পৰ্শ।
এই হেতু সবান্ধবে হুইবে বিনাশ॥
বেদবতী বেলে মোক স্পৰ্শিলী ৰাবণ।
মোৰ লাগি সৰ্ব্বজন হুইবি নিধন॥
এত কহি যোগ ধৰি প্ৰাণ তিয়াগিল।
মুহুৰ্ত্ততে আত্মা ব্ৰহ্মৰন্ধ, ভেদি গৈল॥
বেদবতী মৃত দেহ গঙ্গা প্ৰাপ্তি কৰি।
যথা স্থানে দশানন দুঃখে গৈল চলি॥
কি কৰিলো কি দেখিলো কিনো অদভূত
এত চিন্তি লঙ্কাপতি আক্ষেপ কৰন্ত॥
কালান্তৰে ভৈল পাছে জনক নন্দিনী।
সীতা নামে খ্যাত ৰক্ষ কুল বিনাশিনী॥
পুৰ্ব্ব জন্মে বেদবতী ছিল তপস্বিনী।
সেহি তপ ফলে ভৰ্ত্তা ৰাম ৰঘুমনি॥
তপ বলে জাতিস্মৰা হুই জনমিল৷
শ্ৰীৰাম সহিত মহা সুখে বিহৰিল॥
পঞ্চবতী বনে সীতা হৰিল ৰাবণ।
অগ্নি পৰীক্ষাত সীতা অসন্তোষ মন॥
পুষ্কৰে দুষ্কৰ তপ কৰি আচৰণ।
দেহ ত্যাগি জনমিল দ্ৰুপদ ভবন॥