পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
চতুৰ্থস্কন্ধ

কালে তাৰ গৰ্ভে জন্ম ভৈল লক্ষ্মী অংশ
ভূমিষ্ঠ হইবা মাত্ৰে জ্ঞানৰ প্ৰকাশ॥
বেদ ধ্বনি কৰি শুতি গৃহ পূৰ্ণ কৈল।
জন্ম মাত্ৰে কন্যা বেদ পঢ়িবে লাগিলা॥
মুনিগণে তাৰ নাম দিল বেদবতী।
জন্ম মাত্ৰে স্নান কৰি বনে কৈল গতি॥
তপোবনে গৈল বেদবতী সাধীৃ সতী।
নিবাৰণ কৰিবে নভৈল কাৰো শক্তি॥
এক মন্বন্তৰ তপ কৰিল পুষ্কৰে।
অতি উগ্ৰ তপ ক্লেশ লীলায়ে আচৰে॥
নিৰাহাৰে বাতাহাৰে তপ আচৰণ।
তথাপি নাহয় পুষ্ট নাহি হয় ক্ষীণ॥
দৈবত আকাশী বাণী শুনিল তথাত।
পৰ জন্মে ভৰ্ত্তা পাবা দেব জগন্নাথ।
ব্ৰহ্মাৰো আৰাধ্য পতি লভিবা সুন্দৰী।
এত শুনি তুস্ট ভৈল বেদবতী নাৰী॥
তৈৰ পৰা গৈল গন্ধমাদন পৰ্ব্বত।
অধিক নিৰ্জন স্থান পৰম পবিত্ৰ॥
বহুকাল মহাতপ তাতো আচৰিল।
দৈবে তৈতে দূৰন্ত ৰাবণে গই পাইল॥