পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ ভক্ত জনে তবে কি হইল ফল।
মোক ভজি তাৰ কিবা উপকাৰ ভৈল।
মৃঢ় সূৰ্য্য শাপি তাক শ্ৰীভষ্ট কৰিল।
মোহোৰ দেহত কিছু মহাত্মা নৰৈল॥
এত কহি নিযমি থাকিল মহাদেব।
মৃদু হাসি পাছে তাঙ্ক বুলিলা কেশব॥

বিষ্ণুৰ উত্তৰ।



কেশবে বোলন্ত শিব শুনিয়ো নিৰ্ণয়।
দেব মানে এক বিংশ যুগত নিশ্চয়॥
বৈকুণ্ঠে হোৱয় মাত্ৰ অৰ্দ্ধা ঘণ্টা কাল।
বৃষধ্বজে ভোগে এত দিন দীৰ্ঘ কাল॥
এতকাল ভুগি বৃষ ধ্বজ মৃত্যু ভৈল।
পুত্ৰ ৰথধ্বজ সিয়ো শ্ৰীভ্ৰষ্ট মৰিল॥
তাৰ পুত্ৰ ধৰ্ম্ম ধ্বজ আৰু কুশব্ৰজ।
বৈষ্ণব সূৰ্য্যৰ শাপে ভ্ৰষ্ট লক্ষী ৰাজ্য॥
পাৰ্ব্বতী লক্ষ্মীক তুমি তপস্যা কৰিয়ো।
কলা অংশে তাৰ ঘৰে জন্মিবেক দুয়ো॥
সেহি কালে দুই ৰাজা শ্ৰীমন্ত হুইবে৷
বৰ্ত্তমানে দুইজন বৈষ্ণব জানিবে॥