পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৭
শ্ৰীদেবীভাগবত।

সুখাসনে বসি পাচে শ্ৰান্তদূৰ ভৈল।
বিষ্ণু পাৰিষদে শ্বেত চামৰে ধুলাইল
আনন্দে মাতিয়া হৰি শিব মুখ চায়।
মধুৰ বচনে পাচে হৰক সুধায়॥

শিবৰ উত্তৰ॥

মাধব বদতি শিব কৈৰপৰা আইলা।
কিবাহেতু হেন কোপমন আজি ভৈলা॥
শিবকহে বৃষধবজ মোৰ প্ৰিয়ভক্ত।
প্ৰাণাধিকে মোক সদা ভজনা কৰন্ত॥
অকাৰণে ইতিমধ্যে সূৰ্য শাপদিল।
ৰাজ্য ধন শ্ৰীভ্ৰষ্ট দুৰ্গতি লভিল॥
এতেকতে পুত্ৰশোকে সূৰ্যক বধিব।
তাৰবধ হেতু যেবে ভৈলোহো উদ্যত॥
ভয়ে পলাই পশিলন্ত ব্ৰহ্মাত শৰণ।
ব্ৰহ্মা নমে আবে আসিসন্ত তযুস্থাণ॥
ধ্যনেয়ো তোমাত যিটো লোৱয় শৰণ।
দুঃখ খণ্ডি তাক ৰক্ষা কৰ। জনাৰ্দ্দন॥
প্ৰত্যক্ষ শৰণাপন্নে কত ফল কৈব।
ইটো দুইজনে হৰি ভয়ে নিস্তৰিব॥

*১১*