পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

তাৰ পুত্ৰ ভৈল ইন্দ্ৰ সাবৰ্ণিক নাম।
ইজনো বৈষ্ণব অতি বিষ্ণু পৰায়ণ॥
ইন্দ্ৰ সাৰ্বণিক পুত্ৰ বৃষধ্বজ নাম।
ইটো ভৈল শিবভক্ত উদাৰ পৰম॥
তাহাৰ াশ্ৰমে সম্ভু স্বয়ংে থাকয়।
তিনিযুগ সদাশিব াৰ ঘৰেৰয়॥
পুত্ৰ তুল্য স্নেহ শিব কৰন্ত ৰাজাক।
সৰ্ব্ব ত্যাগি ৰাজা একেমানন্ত শিবক॥
নাহিমানে নাৰায়ণ লক্ষ্মী সৰস্বতী।
সৰ্ব্বদেব দেবী পুজা কৰিল নিবৃত্তি ॥
ভাদ্ৰ মাসে মহালক্ষ্মীপূজাকো ভাঙ্গিল।
মাবে শ্ৰীপঞ্চমী পূজা উচ্ছেদ কৰিল॥
সৰস্বতী পূজা সৰ্ব্বদেবৰ স্থাপিত।
পাপ পুজাবুলি ৰাজ্যে কৰিলা নিবৃত্ত॥
যজ্ঞ বিষ্ণু পূজা আদি সূৰ্য্য আৰাধন।
দেশযুৰি সৰ্ব্ব পূজা কৰিল উচ্ছন॥
দেখিক্ৰোধে দিবাকৰে শাপিল ৰাজাক।
সূৰ্য্য শাপে ৰাজ্য ধন শ্ৰীভ্ৰষ্ট ভৈলেক॥
হেনদেখি শূলপাণী শূল লইকৰে।
সূৰ্য্যক মাৰিবে খেদি যায় ক্ৰোধ ভৰে॥