পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
চতুৰ্থ স্বন্ধ।

মায়৷শক্তি তুটভৈলে মুকুতি মিলয়।
বিতুষ্ট হইলে বন্ধু ভ্ৰমিয়া ফুৰয়॥
সেহি আদ্যা অংশে জন্ম তুলসী সুন্দৰী।
তাহাৰ চৰিত্ৰ আবে কহিবো বিস্তৰি॥
পূৰ্ব্বে কোনদিনে খৰি বৈকুণ্ঠ ভুবনে।
কলহ কৰিল গঙ্গা সৰস্বতী সনে॥
গঙ্গাশাপে সৰস্বতী নদীৰূপ ভৈল।
সৰস্বতী শাপে গঙ্গা ধৰণী আসিল॥
নাৰদ পুচিল কেনে গাঙ্গাশাপ দিল।
সত্ত্বগুণ সৰস্বতী তীৰ্থৰূপ ভৈল॥
কিহেতু কলহ ভৈল গঙ্গাকো শাপিল।
দুয়ো তেজস্বিণী কিবা হেতু দ্বন্দভৈল॥
নাৰায়ন কহে শুনা কথা পুৰাতনী।
লক্ষ্মী সৰস্বতী গঙ্গা বিষ্ণুৰ ঘৰিণী॥
একদিনা বিষ্ণুসঙ্গে গঙ্গা কামা তুৰা।
কৰন্ত আলাপ হাসি কটাক্ষ চতুৰা॥
শান্তমতী লক্ষ্মী দেবী কিছু না বুলিল।
মুখৰা বাগিশী ক্ৰোধে গৰ্জ্জিবে লাগিল॥
আৰক্ত লোচন খঙ্গে অধৰোষ্ঠ কাপে।
বিষ্ণুক ভৎসনা দেবী কৰে বলদৰ্পে॥