পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০১
শ্ৰীদেবীভাগৱত।

কৈতবা জনম ভৈল পূৰ্ব্বে কোন ছিল।
কোনৰূপে নাৰায়ণে তুলসী পাইল॥
কিবা তপ কৰিলন্ত জন্ম কোন বংশে।
নিৰ্ব্বিকাৰ ভগবানে পতি পাইল কিসে॥
সবাৰ ঈশ্বৰ সৰ্ব্ব অধ্যক্ষ পুৰুষ।
সবাৰ আশ্ৰয় সব কাৰণ মহেশ॥
সৰ্ব্বজ্ঞ ঈশ্বৰ ভজি ইহেন তুলসী।
কেনে বৃক্ষৰূপ ভৈল কহাদেব ঋষি॥
কোনহেতু তুলসী হুইল তপশ্বিণী।
সন্দেহ ভঞ্জনা কৰে৷ তযু মুখে শুনি॥
নাৰায়ণ নিগদতি শুনা তপোধন
মূল আদ্য৷ শক্তি দ্বিজ সবাৰ কাৰণ॥
আমি ব্ৰহ্ম৷ মহেশ অনন্ত বাসুদেব।
দেহধাৰী ইন্দ্ৰিয় বিকাৰী হুইসব॥
অনন্ত ব্ৰহ্মাণ্ড সৃষ্টি মাত্ৰ দেহধাৰী
দেহী মাত্ৰে সবাকাৰ শক্তি অধিকাৰী॥
নিৰ্গুণ পুৰুষ ব্ৰহ্ম নোহে কাৰ্য্য ক্ষম।
শক্তি লই জগৎ সৃষ্টিকৰে অনুপম॥
শক্তি নহইলে সবে মৃতক সমান।
মৃত দেহ নহেকভু সৃষ্টিৰ কাৰণ॥