পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৫
শ্ৰীদেবীভাগৱত।

তুমি মুক্তি দাতা অবিনাশী ফলএড়ি।
জানিশুনি সংসাৰ দোলত দিলোভৰি॥
অনিত্য সংসাৰ দুঃখ সাধন কেবল।
তদপি নিবৃত্তি নহো মই ধৰ্ম্মপাল॥
আমি সেহি নাৰায়ণ শাপে জন্ম ভৈলো।
মায়াপাশে বন্ধ বহুতে দুঃখ পায়লো॥

অথ কৃষ্ণৰ বৰপ্ৰাপ্তি॥

ব্যাসনি গদতি ৰাজা শুনাতাত পাচে।
এহিৰূপে কৃষ্ণ যেবে প্ৰাৰ্থন্তে আছে॥
মহেশ্বৰে বুলিলন্ত শুনিয়ো গোবিন্দ।
হৌউক তোমাৰ বহু পুত্ৰ বলবন্ত॥
শতেক অধিক ষোল হাজাৰ ৰমণী।
হুইবে সবে দশ দশ পুত্ৰৰ জননী॥
এত যদি ভোলানাথ কহিল মাধবে।
কৃষ্ণক প্ৰণামি দেবী বুলিলন্ত তেবে॥
হে, কৃষ্ণ মহাবাহু ইহ সংসাৰত।
মহত গৃহস্থী তুমি হৈয়ো জগন্নাথ॥
শত বৰ্ষ অন্তে ব্ৰাহ্মণৰ শাপ ছলে।
আৰু গান্ধাৰীৰ শাপে ডুবিব সমূলে॥