পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯১
শ্ৰীদেবীভাগৱত।

অধৰম কৰি কৃষ্ণ ৰুক্মিণী হৰিল
সিটো কন্যা শিশুপাল ৰাজা বৰিছিল॥
সুতি গৃহে সম্বৰ হৰিল কৃষ্ণ সুত।
আনন্দৰ পৰে শোক লভিল বহুত॥
সত্য ভ্ৰামা আজ্ঞামতে ইন্দ্ৰক যুজিল।
স্ত্ৰীজিত হুইয়া পাৰিজাত আনিদিল॥
স্ত্ৰীৰ মান্য ৰক্ষা হেতুপাছে বান্ধ খাইল।
বৃক্ষে বান্ধি সত্যভ্ৰামা নাৰদক দিলে॥
সুবৰ্ণৰ কৃষ্ণ লৈই কৰিল মোচন।
প্ৰদ্যুম্নক দেখি জাম্ববতী অপ্ৰসন্ন॥
মাগিল কৃষ্ণক পুত্ৰ দান জাম্ববতী।
উপমন্যু মুণিস্থানে গৈল যদুপতি॥
উপমন্যু শিবভক্ত পৰ্ব্বতে থাকয়।
তানস্থানে হৰি শিব মন্দ্ৰদীক্ষা লয়॥
দণ্ডকমণ্ডলু ধৰি হইল সন্যাসী।
কৰিলেক ঘোৰতপ শিবক উপাসি॥
দাৰুণ তপস্যা কৃষ্ণ কৈল ছয়মাস।
প্ৰথম মাসক কলাহাৰ মাত্ৰ গ্ৰীস॥
পুত্ৰকামে নাৰায়ণ শিব মন্ত্ৰ জপে।
দ্বিতীয় মাসত ফলএৰি জলকম্পে॥