পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯০
চতুৰ্থ স্কন্ধ।

মাৰিল যটায়ু যেনে ইয়ো সেহিৰূপ।
অভীষেক দিনে ৰাম সন্যাসী যিৰূপ॥
পিতাৰ মৰণে ৰাম শোক নজানিল।
মূৰ্খহেন বনে বনে সীতাকে খুজিল॥
ৰাবণে জানকী হৰে ৰামে নজানিল।
বানৰ সহায়ে পাছে সাগৰ বান্ধিল॥
লঙ্কাত সমৰ কৰি ঘোৰ দুঃখ ভোগে।
নাগ পাশে বান্ধপাই দৈবকৰ্ম্ম যোগে॥
গৰুডক স্মৰি মুক্ত ভৈল ৰঘুপতি।
বধিল ৰাবণ পাছে বংশ সমন্বিতি॥
অগ্নিত পৰীক্ষা কৰি আনিল সীতাক।
লোক অপযশে পুনু বিসৰ্জ্জিলে তাক॥
বীৰ্য্যপুত্ৰ লবকুশ ৰামে নাচিনিল।
মুনিয়ে চিনালে তেবে পুত্ৰবুলি লৈল॥
পাতালে জানকী গৈল ৰাম নজানিল।
ক্ৰোধ কৰি প্ৰাণ ভাইক মাৰিবে খূজিল॥
কাল উপসন্ন ভৈল ৰামে নজানিল।
মনুষ্যৰ দেহ ধৰি মানুষ হইল॥
গকুলে গোবিন্দ পূৰ্ব্বে কংসভয় পাইল।
পৰে জৰাসন্ধ ভয়ে দ্বাৰকা পলাইল॥