পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯
শ্ৰীদেবীভাগৱত।

সুতি গৃহ হন্তে যেবে বালক হৰিল।
বাসুদেব তথাপি জানিবে নপাৰিল॥
ৰক্ষকে বক্ষিত পূৰী বায়ু অসঞ্চাৰ।
অন্তঃপূৰে সূতি গৃহ দুৰ্গম সবাৰ॥
হেন স্থানে গৃহভেদি দৈত্য প্ৰবেশিল।
অতি আচৰিত কৃষ্ণে তবু নজানিল॥
ইহাৰ কাৰণ দেব কহিয়ো বিস্তৰি।
কোন হেতু বাসুদেব জানিবে নপাৰি॥
ব্যাসদেব কহে ৰাজা মায়ামূল সাৰ।
মনুষ্যৰ মন মোহি বুদ্ধি কৰে চুড়॥
পৰম সাম্ভবী মায়া সকলে জানন্ত।
এতবলি কোনেজানো ডাক এৰাবন্ত॥
গুণতে মানুষ জন্ম গবে গুণ ময়।
দেবকি অসুৰ দেহী মাত্ৰে ইটো হয়।
ক্ষুধাতৃষা নিদ্ৰাভয় শোক হৰ্ষকাম।
মান অপমান জৰা মৰণ আৰাম।
অজ্ঞান অপ্ৰীতি গ্লানি অসুয়া ৰাগ দ্বেষ
দেহী মাত্ৰে ইটোসব লবন্ত নৰেশ॥
যেনে স্বৰ্ণযুগ ৰাম চিনিবে নপাৰি।
তাকখেদি যান্তে সীতা হৰিল দেবাৰী॥