তথাপি তোমাৰ মায়া বলে, পঞ্চমাস গৰ্ভ নিলা ছলে,
এতেকতে ৰাম ৰোহিণী গৰ্ভ প্ৰশব॥
মায়া বলে তুমি কৰা সৃষ্টি, বিষ্ণু ৰূপে পালা ভগবতি,
কালে সংহৰিয়া পুনৰপি কৰা স্থিতি।
পাক্ষয় তযু ৰীতি আই, বুজিবে দেবৰো শক্তি নাই,
অখিল জগত সবেয়ো তোমাৰ সৃষ্টি॥
পুত্ৰ জনমাই আনন্দ দিলা, নিজে হৰি পুনু দুঃখ ভোগালা
পুত্ৰ শোকে দেহ দহিছে জননী মোৰ।
চাতকিনী প্ৰায় মাতৃ তাৰ, কৰন্ত ক্ৰন্দন নিৰন্তৰ,
সৰ্ব্বদায়ে দুঃখ কৰন্ত সমীপে মোৰ॥
অনন্ত মহিমা তুমি আই, শৰণে পশিছো তযু ঠাই,
কহিবে নপাৰো ভব সাগৰৰ কষ্ট।
পুত্ৰ উপজিলে বাঢ়ে মুখ, নাশ ভৈলে পুনু মহা দুঃখ,
ইটো দেশাচাৰ কহিছে শাস্ত্ৰ পণ্ডিত॥
কিকৰিবো মাতৃ। আবে মই, প্ৰথম সন্তান কৈক যাই,
পূত্ৰ শোক শেল ফুটিছে হৃদয় মাজে।
কৰোহো মানস তযু আগে, পূজিবো তোমাক যজ্ঞ ভাগে
তোমাক পূজিলে শান্ত হোৱে সামৰাজে॥
জীবিত আছয় যদি মোহোৰ সন্তান।
দোষ ক্ষমি একবাৰ কৰোৱা দৰ্শন॥
.