পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৩
শ্ৰীদেবীভাগৱত।


হেথাত মথুৰাপুৰী নিৰ্য্যান হুইল।
জনেকো যাদব নাই সবে পলাইল॥
মহাবলী যবনে কৰিল অধিকাৰ।
যবন দেখিয়৷ কৃষ্ণ হইল বাহিৰ॥
যবনৰ সৈন্য অগ্ৰে যাই জনাৰ্দ্দন।
পীত বস্ত্ৰ পৰিধান হসিত বয়ান॥
আগে চলি যাই কৃষ্ণ দেখিয়া যবন।
পাচে পাচে খেদা দিয়া চলে সৈন্যগণ॥
পলাই পলাই গোপ ধৰ ধৰ যাও।
প্ৰবেশিল কৃষ্ণ গৈই মুচুকুন্দ ঠাৱ॥
যবনো খেদিয়া গৈই তৈতে প্ৰবেশিল।
শুতি আছে মুচুকুন্দে যবনে দেখিল॥
তৈত পাছে অন্তৰ্ধ্যান ভৈল নাৰায়ণ।
যবনে দেখিল ইটো কৰিছে শয়ন॥
শুতি আছে বাহুদেব বুজি ম্লেচ্ছ গণ।
কৰিলন্ত পদাঘাত ভৈল জাগৰণ॥
নিদ্ৰাৰ উঠিল ক্ৰোধে অৰিক্ত নয়ন।
নেত্ৰ অগ্নি লাগি ভস্ম ভৈল সৰ্ব্বজন॥
যবনক দগ্ধ কৰি পাছে মুচুকুন্দ।
আগতে দেখিল পদ্ম লোচন গোবিন্দ॥