পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
শ্ৰীদেবীভাগেৱত।


জৰাসন্ধ শুনি জামাতাৰ মৃত্যু কথা।
সৈন্য সাজি মথুৰা গৈলন্ত মহাৰথা॥
সপ্ত দশবাৰ যুদ্ধে ভৈল পৰাজয়।
তাতপাচে কাল যবনক পাঞ্চি দেয়॥
ম্লেচ্ছ অধিপতি বীৰ যাদবৰ শত্ৰু।
তিনকোটি সৈন্যে খেদি আসিল তুৰন্ত॥
যবনৰ আগমনে দেব ভগবান।
ৰামক সম্বুধি পাচে বুলিলা বচন॥

কৃষ্ণৰ দ্বাৰকা পলায়ন॥

জৰাসন্ধ হন্তে মোৰ নভৈলন্ত ভয়।
কিকৰিব আবে ম্লেচ্ছ সৈন্য আসিছয়॥
ধন জন এৰি প্ৰাণ ৰক্ষা আদিমূল।
যৈত সুখ তৈকে বোলে পৈতৃক সম্বল॥
উদ্বেগ কৰয় মন কি কৰা উচিত।
পৰ্ব্বতে সমূদ্ৰ তীৰে থকাসে যুগুত॥
যথা বৈৰি ভয় নাহি কহয় পণ্ডিতে।
মন সুখে জ্ঞানীজন থাকিবে তথাতে॥
অনন্ত শৰ্য্যাত যোৱা নিতান্ত যুগুত।
তথাতো সম্বুদ্ৰে হৰি আছয় নিদ্ৰিত॥