এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮০
চতুৰ্থ স্কন্ধ।
একে একে বৃষ্ণ তবে কৰিল সংহাৰ।
গো-ৰ্দ্ধন ধৰি কৈল প্ৰলম্ব উদ্ধাৰ॥
কেশীক বধিল কংস শুনিদুঃখ মন!
নিজ মৃত্যু অনুক্ষণ কৰে দৰশন॥
ধনুবাগ পাতি পাছে অক্ৰুৰে পাঞ্চিল।
ৰথে তুলি ৰামকৃষ্ণ দুহাঙ্কে৷ আনিল॥
কংস আজ্ঞ৷ মতে ঢুযো তথাতে ৰহিল
মল্লযুদ্ধ দেখিবাক কংসে মন কৈল॥
সেহি ছল পাই হৰি ধনুক ভঞ্জিল।
ৰজক চানুৰ মুষ্টি গজ বিনাশিল।
সল্ল তোললকো কৃষ্ণ কৰিল সংহাৰ।
কেশে ধৰি কংসক বধিলা দামোদৰ।
মাতা পিত৷ মুক্তি কৈল কাৰাগাৰ হন্তে
পাছে উগ্ৰ সেনক স্থাপিলা ৰাজপাটে॥
তাত পাচে উপবীত ভৈল দুই ভাই।
পঢ়বাক গৈল সান্দাপনি মুনি ঠাই॥
অল্পতে সকলে বিদ্যা ভৈল বিশাৰদ।
পুনৰপি মথুৰ, আসিল শ্ৰীগোবিন্দ॥
দ্বাদশ বৰ্ষত দুয়ে৷ ভৈল মহা লী।
ক্বতবিদ্য ভেল সৰ্ব্ব শাস্ত্ৰত কুশলী॥