এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
অল্পদূৰে থাকাদেৱ মোৰলজ্জালাগে।
হৰি! হৰি! স্বামী পৰাধীন বৃত্তি ভোগে॥
এত কহি স্বামী প্ৰতি দৈৱকী সুন্দৰী
পৰ্শলি অদ্ভুত বালক নিশাকৰি॥
অদ্ভুত বালক দেখি আনন্দ লভিল।
পতিক ডাকিয়া পাচে বচন বুলিল॥
দুৰ্ল্লভ পুত্ৰৰমুখ দেখা প্ৰাণ নাথ।
আজি আক কাল কংসে কৰিবে বিঘাত॥
হেনশুনি বসুদেব পত্ৰকোলে লৈল।
অদ্ভুত পুত্ৰৰ মুখ দৰ্শন কৰিল॥
হৰি পুত্ৰ মুখদেখি চিন্তে বসুদেব।
কিকৰিবো কিহইল আবে কৈত যাব॥
এহিৰূপে বসু যেবে চিন্তি বিয়াকুল।
হেনকালে আকাশত শূণ্যবাণী ভৈল॥
বসুদেব স্পষ্টৰূপে শুনিল তেখন।
আঙ্ক লই গকুলত কৰহ গমন॥
পালী পহৰীয়া সবে মহানিদ্ৰা কৈলো।
ভাঙ্গিলো নিহলদ্বাৰ কপাট খুলিলো॥
আঙ্ক ৰাখি নন্দগৃহে মায়াক আনিবা।
দেহি যোগমায়া তুমি বেগতে আসিব॥