পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৩
শ্ৰীদেবীভাগৱত।

প্ৰেমে পুলকিত আতি পুত্ৰ ভাব কৰি।
সদায়ে বিষ্ণুক চিন্তা কৰে দুঃখে পৰি॥
দেবকীৰ গৰ্ভে হৰি দেব কাৰ্য্য লাগি।
ক্ৰমে দিনে দিনে বাঢ়ে ভক্তি অনুৰাগি॥
ভৈল দশমাস পূৰ্ণ শ্ৰাবণ উদিত।
ৰোহিণী নক্ষত্ৰে কৃষ্ণ পক্ষ অটনীত॥
পালী পহৰীয়া সবে ঘোৰ নিদ্ৰা গৈল।
সেহি বেলা ভগবান জনম লভিল॥
ভয়ে কংশ দানব সবাক বুলিলন্ত।
এইৰ অষ্টম গৰ্ভ মোহোৰ কৃতান্ত॥
এতেকতে ভাল মতে সকলে ৰাখিবা।
আলস্য টোপনি এৰি সজাগৰে ৰৈবা॥
দৈবকী অষ্টম গৰ্ভ মোৰ কাল শত্ৰু।
ইটো শিশু বধি সুখে শুইবা দৈত্যকেতু॥
বধিলে অষ্টম শিশু দুঃখ দুৰ হবে।
সুখমনে শুতি গৃহে শয়ণ কৰিবে॥
ইতিমধ্যে নিদ্ৰ তন্দ্ৰা নকৰা কখন।
ধনুৰ্ব্বান খড়গ ধৰি থাকা সৰ্ব্বক্ষণ॥