পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭১
শ্ৰীদেবীভাগব

বাৰাহ কিশোৰ দুই চানুৰ মুষ্টিক।
পৰম দাৰুণ মল্ল অতি বলাধিক॥
দিতিৰ অৰিষ্ট নেমি হাতী কুবলয়।
বলিৰ কন্যকা পুত্ৰ বকবকী হয়॥
যম ৰুদ্ৰ কাম ক্ৰোধ অংশে দ্ৰৌণ পুত্ৰ।
এতেকতে অশ্বত্থামা মহা বলৱন্ত॥
পূৰ্ব্বৰ অসুৰ দৈত্য দেবতা সকল।
অংশ ৰূপে ধৰণীত অবতাৰ ভৈল॥
ব্ৰহ্মায়ে প্ৰাৰ্থিল যেবে পৃথিবীৰ ত্ৰাস।
শ্যাম বৰ্ণে কৃষ্ণ শ্বেতে অনন্ত প্ৰকাশ॥
ইটো বংশাবলী যিবা শুনে ভক্তি ভাবে।
সৰ্ব্ব পাপে মুক্ত ধন জনতাৰ বাঢ়ে॥
দ্বাবিংশ আধ্যায় পদ পৰম গহণ।
ভণিল গোপাল দেব বোলা ৰাম ৰাম॥